এখন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ সকীয়নীৰ পিছতেই পদক জয় কৰিব নোৱাৰি দেশলৈ ঘূৰি নগ’ল এথলিট!

Tokyo Olympics 2020 Event


কো’ভিড-১৯ বিভীষিকাৰ মাজতে সুকলমে অন্ত পৰিল টকিঅ’ অলিম্পিকৰ। বিশ্বৰ ২০৫ খন দেশৰ প্ৰায় ১১ সহস্ৰাধিক এথলিটৰ অংশগ্ৰহণৰে নিজম পৰিল টকিঅ’। বিশ্ব ক্ৰীড়াৰ সমাৰোহখনত বিশ্ব জিনাৰ সপোন বুকুত লৈ অহা এজাক বিশ্বশ্ৰেষ্ঠ ক্ৰীড়াবিদৰ ক্ৰীড়া নৈপুণ্যই মুহিলে সকলোকে। বহুতে সাফল্যৰ নতুন ইতিহাস ৰচি প্ৰশান্তিৰ এমোকোৰা হাঁহি ওঁঠত লৈ ৰাওনা হৈছে ঘৰ অভিমুখে। পদকৰ পৰা বঞ্চিত আন একাংশই অভিজ্ঞতাৰ মেটমৰা সম্ভাৰ লৈ ঘৰলৈ উভতিছে পুনৰ পেৰিছত উজলি উঠাৰ আশা বুকুত সামৰি। কিন্তু তাৰ মাজতে এগৰাকী বিশেষ এথলিটৰ দুৰ্দশাই সম্প্ৰতি বিশ্ব নাগৰিকৰ চকু কপালত তুলিছে। বেলাৰুছৰ এইগৰাকী পদকবঞ্চিত এথলিটে এতিয়া দেশলৈ ঘূৰি নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Krystsina Tsimanouskaya

পদকবিহীনভাৱে দেশলৈ ঘূৰি গ’লে ভয়াৱহ পৰিনামৰ সন্মূখীন হোৱাৰ ভয়তে ঘৰলৈ ঘূৰি নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বেলাৰুছৰ দৌৰবিদ ক্ৰিষ্টিনা চিমানুস্কায়াই।
উল্লেখযোগ্য যে অলিম্পিকৰ আগে আগে বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেঙ্কোয়ে টকিঅ’ অভিমুখী এথলিটসকলক শুনাইছিল সাৱধানবাণী। এথলিটসকলক উদ্দেশ্যি তেওঁ কৈছিল, ‘যদি অলিম্পিকত তোমালোকে পদক লাভ কৰিব নোৱাৰা তেন্তে দেশলৈ ঘূৰি নহাটোৱেই মংগলজনক।’

ৰাষ্ট্ৰপতিগৰাকীৰ এনে সকীয়নীৰ পিছতেই অলিম্পিকত পদক লাভৰ পৰা বঞ্চিত এইগৰাকী এথলিটে এতিয়া দেশলৈ ঘূৰি নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে টকিঅ’ অলিম্পিকত ২০০ মিটাৰ দৌৰত অংশগ্ৰহণৰ বাবে আহিছিল ক্ৰিষ্টিনা। কিন্তু প্ৰতিযোগিতা চলি থকাৰ মাজতে খেলুৱৈগৰাকীক ৪×১০০ মিটাৰ ৰিলেত বলপূৰ্বকভাৱে অংশ ল’বলৈ কোৱা হৈছিল। এথলিটগৰাকীয়ে এই নিৰ্দেশ মানি লোৱা নাছিল। ফলত ক্ৰিষ্টিনালৈ নিৰ্দেশ আহিছিল অলিম্পিকত ভাগ নোলোৱাকৈয়ে ঘৰলৈ উভতি যোৱাৰ। কিন্তু ইয়াৰ পৰিমাণ কি হ’ব পাৰে সেই কথা ইতিমধ্যেই বুজি উঠিছিল ক্ৰিষ্টিনাই। ফলত তেওঁ দেশলৈ উলটি যোৱাৰ পৰিৱৰ্তে জাপান আৰক্ষীৰ সহায় বিচাৰে। ইপিনে সমগ্ৰ ঘটনাৰ কথা জানিব পাৰি পোলেণ্ডে মানৱীয়তাৰ প্ৰেক্ষাপটত এথলিটগৰাকীক প্ৰদান কৰে পোলিছ হিউমেনেটেৰীয়ান ভিছা। আনহাতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে বেলাৰুছলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। ইয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে ঘটনা সন্দৰ্ভত দেশখনৰ দুজনকৈ প্ৰশিক্ষকক বহিস্কাৰো কৰিছে।

ইপিনে এথলিট ক্ৰিষ্টিনা চিমানুস্কায়াই ঘোষণা কৰিছে যে তেওঁ আৰু কেতিয়াও নিজ দেশলৈ উভতি নাযায়। তেওঁৰ জীৱনলৈ আহিব পৰা ভাবুকিৰ বাবে চিৰদিন অন্য দেশতে আশ্ৰয় লোৱাৰ কথা ঘোষণা কৰিছে এইগৰাকী এথলিটে। অন্য দেশতেই তেওঁ বিভিন্ন প্ৰতিযোগিতামূলক ক্ৰীড়াত অংশ ল’বলৈ আগ্ৰহী বুলি উল্লেখ কৰিছে ক্ৰিষ্টিনাই।