ব্যৱসায়িক ভিত্তিত ছাগলী পালনেৰে কেনেকৈ স্বাৱলম্বী হ’ব পাৰি ? কম খৰচতে কেনেকৈ আৰম্ভ কৰিব ছাগলী ফাৰ্ম …Goat Farming in Assam

Goat Farming : 

ব্যৱসায়িক ভিত্তিত ছাগলী পালনেৰে কেনেকৈ স্বাৱলম্বী হ’ব পাৰি , কম খৰচতে কেনেকৈ আৰম্ভ কৰিব ছাগলী ফাৰ্ম …এনেধৰণৰ বহু প্ৰশ্নৰ উত্তৰ সন্ধান কৰে প্ৰতিজন আগ্ৰহী ব্যক্তিয়ে ৷ এনেধৰণৰ বিষয়বোৰ খৰচি মাৰি জানো আহক…

ভাৰতৰ অন্য প্ৰান্তৰ দৰে অসমতো দ্ৰুত গতিত ব্যৱসায়িক ভিত্তিত ছাগলী পালনৰ প্ৰক্ৰিয়া বৃদ্ধি পাইছে ৷ সু-খবৰ যে পুৰুষৰ লগতে একাংশ অসমীয়া মহিলাই ছাগলী ফাৰ্ম খুলি স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিছে ৷ কিন্তু ছাগলী ফাৰ্ম এখন কম খৰচত কেনেকৈ সাঁজি ল’ব পাৰি ? কি প্ৰজাতিৰ ছাগলী ৰাখিলে ভাল হয় ? কেনেদৰে প্ৰতিপালন কৰিব লাগিব আদি বহু প্ৰশ্নৰ উত্তৰ খৰচি মাৰি জনাৰ পাছতহে ব্যৱসায়িক ভিত্তিত ছাগলী পালনৰ সিদ্ধান্ত লোৱা উচিত ৷

ভাৰতৰ অন্য প্ৰান্তত ব্যৱসায়িক ছাগলী পালনৰ ক্ষেত্ৰত কেবাটাও উদেশ্য জৰিত থাকে ৷ কিছুমান অঞ্চলত ছাগলী পালন কৰা হয় মাংস উৎপাদনৰ বাবে , অন্য কিছুমান অঞ্চলত গাখীৰ আৰু ছাগলী ছালৰ পৰা ফাইবাৰ প্ৰস্তুত কৰিবৰ বাবে ৷ কিন্তু অসমৰ পটভূমি সুকীয়া ৷ ইয়াত দেখা যায় সৰহ সংখ্যক ছাগলী ফাৰ্মতে পোৱালি আৰু মাংস উৎপাদন অধিক গুৰুত্ব দিয়া হয় ৷

ছাগলী পালনৰ ক্ষেত্ৰত যদি আমাৰ ৰাজ্যখনৰ গাঁৱে ভূঞে চকু দিয়া হয় ,তেতিয়া দেখা যায় হাজাৰ হাজাৰ লোকে ঘৰে ঘৰে ছাগলী পোহে ৷ কিন্তু তেওঁলোকে সেয়া ব্যৱসায়িক ভিত্তিত নকৰে ৷ ঘৰুৱা পদ্ধতিৰে পোহা এই ছাগলীবোৰ ১০-১৫ কেজি ওজন হোৱালৈকে পোহে আৰু ইয়াৰ পাছতে বিক্ৰী‌ কৰি দিয়ে ৷

Goat Farming

এই লেখাত আলোচনা কৰিম ব্যৱসায়িক ভিত্তিত ছাগলী পালনৰ বিষয়ে ৷ ইয়াৰোপৰি কেনেকৈ কম খৰচত ছাগলী ফাৰ্ম এখনৰ গৰাকী আপুনি হ’ব পাৰে তাৰ বিষয়ে সবিশেষ আলোচনা কৰিম ৷ যদি আপুনি ছাগলী ফাৰ্ম খোলাৰ বাবে আগ্ৰহী ,তেন্তে আহক জানো এই ছাগলী প্ৰতিপালনৰ এই প্ৰাথমিক বিষয়বোৰ:

ব্যৱসায়িক ভিত্তিত ছাগলী পালনেৰে কেনেকৈ স্বাৱলম্বী হ’ব পাৰি ?:

যি কোনো এটা ব্যৱসায় আৰম্ভ কৰাৰ আগতে আপোনাৰ মনত বহু ধৰণৰ প্ৰশ্নৰ উদয় হ’ব পাৰে ৷ ছাগলী ফাৰ্ম খোলিবলৈ মন মেলাৰ লগে লগে আপোনাৰ মনলৈ আহিব পৰা এটা প্ৰশ্ন হ’ল যে ছাগলী পুহিলে মই কেনেকৈ স্বাৱলম্বী হ’ব পাৰিম ?

আপুনি বজাৰৰ যদি খবৰ ৰাখে তেন্তে নিশ্চয় মন কৰিছে যে মাংসৰ ভিতৰত ছাগলী মাংসৰ দামেই বেছি ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত যদিও দামৰ তাৰাতাম্য আছে তথাপি ১ কিলো ছাগলী মাংস ৫৮০ টকাৰ তলত ক্ৰয় কৰা প্ৰায় অসম্ভৱ ৷ ইয়াৰ তুলণাত যদি আপুনি লক্ষ্য কৰে যে গাহৰি বা মুৰ্গীৰ মাংসৰ দাম যথেষ্ট কম ৷

ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে ছাগলীৰ মাংসৰ চাহিদা বেছি কিন্তু উৎপাদন কম ৷ গতিকে ছাগলী ব্যৱসায়িক ভিত্তিত উৎপাদন কৰি আপুনি অধিক লাভাম্বিত হ’ব পাৰে । ইয়াৰোপৰি দেখা যায় যে আমাৰ কিছু সামাজিক নীতি নিয়মে মুৰ্গী বা গাহৰি পোহাৰ ক্ষেত্ৰত বহু বাধা প্ৰদান কৰি আহিছে ৷ কিন্তু ছাগলী পোহপালনৰ ক্ষেত্ৰত সমাজৰ কোনো হকা-বাধা নাই ৷

ছাগলী ফাৰ্ম আৰম্ভ কৰাৰ আগতে প্ৰতিপালৰ প্ৰাথমিক কথাবোৰ জানি লওঁক :

আমাৰ অসমীয়া মানুহৰ এটা স্বভাৱগত দোষ আছে যে আমি আমাৰ চিনাকী কোনোবা এজন ব্যক্তি কোনো এটা ব্যৱসায়ত সফল হ’লে ,আগ পিচ নুগুনি আমিও লৰালৰিকৈ একে ব্যৱসায় আৰম্ভ কৰোঁ ৷ ফলত ব্যৱসায়টোৰ ওপৰত প্ৰথমিক জ্ঞানো নথকাৰ বাবে কিছুদিনৰ পাছতে লাওলোৱা অৱস্থা হয় ৷

সেয়ে দেখাক দেখি ব্যৱসায় এটা কৰাৰ পৰা সদায় বিৰত থকা উচিত ৷ আপুনি যদি ছাগলী ফাৰ্ম এখন খোলাৰ পৰিকল্পনা কৰিছে তেন্তে খুব ধীৰে স্হিৰে পৰিকল্পিত ভাৱে আগবঢ়া উচিত ৷ ব্যৱসায়টো আৰম্ভ কৰাৰ আগতে কেইটামান বিষয় ভালদেৰে জানি লওক ৷ যেনে –

১/ ছাগলীৰ বজাৰখন কেনেকুৱা ?
২/প্ৰতিপালন কেনকৈ কৰিব পাৰি ?
৩/কিমান ডাঙৰকৈ আৰম্ভণি কৰিব ?
৩/ কিমান টকা মূলধন হিচাবে হাতত লাগিব ?
৪/উপাৰ্জন আৰম্ভ হ’বলৈ কিমান দিন বাট চাব লাগিব ?

ছাগলী ফাৰ্ম এখন আৰম্ভ কৰিবলৈ লোৱাৰ আগতে এনে প্ৰশ্ন মনলৈ অহাটো বৰ প্ৰয়োজন ৷ প্ৰশ্নবোৰ অহাৰ লগে লগে আমি উত্তৰ বিচাৰিবলৈ আৰম্ভ কৰিম ৷ ইয়াৰ উত্তৰবোৰ তলত উল্লেখ কৰা উৎসবোৰৰ পৰা আহৰণ কৰিব পাৰি।

১/ ইউ টিউব -: ইয়াত আমি বহু সফল ছাগলী পালকৰ বিষয়ে জানিব পাৰোঁ আৰু ছাগলী প্ৰতিপালনৰ বিষয়ে বহু তথ্য আহাৰণ কৰিব পাৰো ৷
২/আপোনাৰ অঞ্চলৰ সমীপতে থকা ছাগলী ফাৰ্মকেইখন পৰিদৰ্শন কৰক আৰু ছাগলী পলাক কেইজনৰ পৰা সকলো তথ্য আহাৰণ কৰক ৷
৩/আপুনি যিবোৰ তথ্য আহৰণ কৰে , সেইবোৰ লিপিবদ্ধ কৰি যাওঁক ৷
৪/কিমান ব্যয় হ’ব ,সেই বিষয়ে অভিজ্ঞ ব্যক্তিৰ পৰা এক আভাস আহৰণ কৰক ।
এতিয়া আপোনাৰ মনত ছাগলী ফাৰ্মৰ বিষয়ে কিছু প্ৰাথমিক জ্ঞান সঞ্চিত হ’ব ৷ কিন্তু ইয়াৰ পাছতে যদি সম্ভৱ হয় ছাগলী পালনৰ প্ৰশিক্ষণৰ বাবে দায়বদ্ধ চৰাকৰী বা বেচৰকাৰী সংস্হাৰ লগত যোগাযোগ কৰক। প্ৰশিক্ষণ লৈ আহিলে আপোনাৰ মন অধিক দৃঢ় হ’ব আৰু ভূলৰ মাত্ৰা আৰম্ভণিৰ পৰাই কম হ’ব ৷

ছাগলী ফাৰ্মৰ বাবে কেনে ঠাই নিৰ্বাচিত কৰিব :

ছাগলী ফাৰ্ম এখনৰ সফলতা বিফলতা বহু পৰিমানে নিৰ্ভৰ কৰে ফাৰ্মখন স্হাপন কৰা ঠাইখিনিৰ ওপৰত ৷ বিভিন্ন প্ৰান্তত গঢ় লৈ উঠা ছাগলী ফাৰ্মবোৰ লক্ষ্য কৰিলে দেখা যায় যে সৰহসংখ্যক ফাৰ্মেই গাঁৱলীয়া ঠাইবোৰত আছে ৷ বহু ছাগলী পলকে ফাৰ্মবোৰ ঘৰৰ পৰা কিছু নিলগৰ বাৰীৰ একোটা অংশত স্হাপন কৰে ৷

অৱশ্যে অন্য একাংশই ঠাইৰ অভাৱত বা পৰিচৰ্যা কৰাৰ সুবিধাৰ বাবে ঘৰৰ কাষতে ফাৰ্ম গৃহ নিৰ্মাণ কৰি লয় ৷ কিন্তু ফাৰ্ম ঘৰ নিৰ্মাণ কৰা ঠাইখন নিৰ্বাচন কৰোতে তলত উল্লেখ কৰা বিষয় কেইটাৰ ওপৰত ধ্যান দিয়া উচিত –

১/ ফাৰ্ম গৃহটিলৈ পথৰ যোগাযোগ উন্নত হ’ব লাগে ৷ যাতে ফাৰ্মৰ পৰাই বেপাৰীসকলে ছাগলী বোৰ ক্ৰয় কৰি নিব পাৰে ৷
২/ঠাইখিনি বাম হ’ব লাগে ৷ পানী জমা হোৱা ঠাইত ছাগলী ফাৰ্ম খোলা উচিত নহয় ৷
৩/ ঠাইখিনিত যাতে ঘাঁহ গজিব পৰা হয় আৰু প্ৰয়োজনত ছাগলীৰ বাবে ঘাঁহ উৎপাদন কৰিব পৰা হয় ,তাৰ ওপৰত গুৰুত্ব দিয়া উচিত ৷
৪/ ৰ’দ ঘাই পৰিবেশ এটাত ছাগলীবোৰ বীজাণুৰ পৰা বহু পৰিমানে সুৰক্ষিত হৈ থাকে ৷
কিমান ছাগলী পুহিব ,তাৰ ওপৰত নিৰ্ভৰ কৰি মাটিখিনিৰ ব্যাসাৰ্দ্ধ ঠিক কৰি লোৱা উচিত ৷ বিজ্ঞানসন্মত ভাৱে ছাগলী পুহিবলৈ হ’লে ৫০টা ছাগলীৰ বিপৰীতে ১ একৰ ভূমিৰ প্ৰয়োজন ৷

ছাগলী-পালনৰ পদ্ধতি :

ব্যৱসায়িক ভিত্তিত ছাগলী-পালনৰ বাবে অপৰিহাৰ্য্য অঙ্গ হ’ল বিজ্ঞানসন্মত পালন পদ্ধতি অৱলম্বন কৰা ৷ স্বাভাৱিকতে ছাগলীয়ে ওখ, শুকান, পৰিস্কাৰ আৰু বায়ু চলাচল কৰাৰ’দ পৰা ঠাইত থাকিবলৈ ভাল পায় ৷ ইহঁতে নিজৰ প্ৰয়োজন অনুসৰি বিভিন্ন উৎসৰ পৰা খাদ্য গ্ৰহণ কৰি খাদ্যৰ সন্তুলন বজাই ৰাখে ৷ ছাগলী-পালনত সাধাৰণতে তলত উল্লেখ কৰা পদ্ধতিসমূহ অৱলম্বন কৰিব পাৰি –

১) এৰাল দিয়া,

২) গড়ালত আৱদ্ধ কৰি ৰাখি পালন কৰা,

৩) গোটেই দিনটো চৰিবলৈ দিয়া, আৰু

৪) দিনৰ আধা সময় (পুৱা বেলা) চৰোৱা আৰু আধা সময় গড়ালত পোহ-পাল কৰা ৷

পৰীক্ষা-নিৰীক্ষাৰ পৰা দেখা গৈছে যে ছাগলী-পালনত অধিক লাভৱান হ’বলৈ হ’লে দিনৰ আধা সময় চৰাব লাগে আৰু দুপৰীয়াৰ পিছত গড়ালত ৰাখি দানা-পানী, ঘাঁহ আদি যোগান ধৰিব লাগে ৷

ছাগলীৰ জাত :

ব্যৱসায়িক ভিত্তিত ছাগলী পোহাৰ কথা ক’লেই প্ৰথমে ভাৱিব লগা কথাটো হৈছে ইয়াৰ জাত নিৰ্ব্বাচন ৷ আছাম হিল গ’ট (Assam Hill Goat) বা থলুৱা জাত যাৰ শাৰীৰিক বৃদ্ধিৰ হাৰ দেশৰ আন আন উচ্চমান বিশিষ্ট প্ৰজাতিৰ তুলনাত বৰ কম ৷ সাধাৰণতে, মাংসৰ বাবে ইয়াক পোহা হয় ৷ গাখীৰৰ উৎপাদন বহুত কম ৷

গাৰ গঠন সৰু আৰু ইহঁতৰ এবাৰত দুটা বা ততোধিক পোৱালী দিয়াৰ ক্ষমতা আছে ৷ ছাগলীৰ উচ্চমানৰ প্ৰজাতিবোৰ হৈছে – বিটেল (Beetal), বাৰবাৰী (Barbari), যমুনাপাৰি (Jamunapari) আদি যাৰ বৃদ্ধিৰ হাৰ যথেষ্ট বেছি আৰু দৈনিক এক-ডেড় লিটাৰ পৰ্য্যন্ত গাখীৰ উৎপাদন কৰাৰ ক্ষমতা থাকে ৷

কিন্তু এই জাতবোৰৰ পালন পদ্ধতি যথেষ্ট উচ্চমানৰ হ’ব লাগে আৰু ইহঁতে অসমৰ জলবায়ুৰ লগত সহজে খাপ খোৱাত অসুবিধা হয় ৷

এই অসুবিধাটো দূৰ কৰাৰ কাৰণে উন্নত জাতৰ মতা ছাগলীৰ দ্বাৰা থলুৱা জাতৰ মাইকী ছাগলীক প্ৰজণন কৰাই পিচৰ প্ৰজন্মৰ উৎপাদন বঢ়াব পাৰি ৷ আজি-কালি কৃত্ৰিম প্ৰজণন (Artificial Insemination) প্ৰক্ৰিয়াৰ সহায় লৈও দো-ভচীয়া বা বৰ্ণসংকৰ ছাগলী পোৱালী পাব পাৰি ৷ কৃত্ৰিম প্ৰজণনৰ বাবে প্ৰয়োজনীয় উন্নত জাতৰ মতা ছাগলীৰ বীৰ্য্য পশুপালন আৰু পশুচিকিৎসা বিভাগৰ চিকিৎসালয় বোৰত পোৱা যায় ৷

ছাগলীৰ ঘৰ :

ছাগলীয়ে মুকলি বতাহ আৰু শুকান শোৱা ঠাই ভাল পায় ৷ ছাগলীৰ ঘৰৰ বাবে ওখ, শুকান, সুৰক্ষিত, উৎকট গৰম নোহোৱা আহল-বহল বতাহ অহা-যোৱা কৰাৰ সুবিধা থকা আৰু পোহৰ পৰা ঠাই উপযুক্ত ৷ ছাগলী ৰাখিবলৈ ব্যৱহাৰ কৰা ঘৰৰ মূখ্য উদ্দেশ্য হ’ল – অত্যাধিক গৰম, ঠাণ্ডা আৰু সেমেকা জলীয় বাষ্প আদি প্ৰতিকূল প্ৰভাৱৰ পৰা ছাগলী কেইটাক ৰক্ষা কৰা ৷ আমাৰ ৰাজ্যত যিহেতু বৰষুণ আৰু বায়ুৰ আদ্ৰতা বেছি, সেয়ে এনে ঠাইত ছাগলীৰ বাবে চাংঘৰ বেছি উপযোগী ৷

চাংঘৰটোৰ মজিয়াখন ভেঁটি বা মাটিৰ পৰা ৩-৩.৫ ফুট ওখ হ’ব লাগে ৷ ইয়াত ছাগলীৰ মল-মূত্ৰ সকলো সৰকি তলত পৰি যাব পাৰে বাবে ছাগলী মল-মূত্ৰৰ সংস্পৰ্শলৈ নাহে আৰু ফলত বহুধৰণৰ পেলু আৰু শ্বাস-প্ৰশ্বাস সম্বন্ধিতবেমাৰৰ পৰা মুক্ত হৈ থাকে ৷ ঘৰৰ বেৰবোৰ এনেদৰে বনোৱা উচিত যাতে মুকলি-মুৰীয়াকৈ বতাহ সোমাব পাৰে ৷ ঘৰৰ চালখন খেৰ বা টকৌপাতেৰে বনাব লাগে যাতে বছৰৰ সকলো সময়তে কোঠাটোৰ উষ্ণতা প্ৰায় একে থাকে ৷

ছাগলীৰ সংখ্যা অনুসৰি ঘৰৰ মজিয়াৰ কালি নিৰ্দ্ধাৰণ কৰি ঘৰ নিৰ্মাণ কৰা উচিত ৷ সাধাৰণতে এজনী পূৰ্ণবয়স্ক ছাগলীক ১১.২৫ বৰ্গফুট (৪.৫ × ২.৫) মজিয়াৰ প্ৰয়োজন হয় ৷ তেনেদৰে, এটা পূৰ্ণবয়স্ক মতা ছাগলীৰ বাবে ৩৮ বৰ্গফুট (৭.৫ × ৫) ঠাইৰ আৱশ্যক ৷

দহটা তিনিমহীয়াৰ পৰা এবছৰীয়া পোৱালীৰ কাৰণে আৱশ্যক হোৱা একোটা কোঠালী ৪৮ বৰ্গফুট (৮ × ৬) জোখৰ হ’লে ভাল ৷ একোটা ডাঙৰ কোঠালীত একেলগে ৫০-৬০ জনীলৈকে মাইকী ছাগলী ৰাখিব পাৰি ৷ তেনেদৰে, একেলগে ১০-১২ টা পোৱালী একেলগে ৰাখিব পাৰি ৷ প্ৰজণনক্ষম মতা ছাগলী সদায় পৃথক কোঠাত ৰাখিব লাগে ৷ বেমাৰী ছাগলীৰ বাবে বেলেগ ঘৰ এটা বনোৱা অতি দৰকাৰী ৷

পামৰ বাবে উৎকৃষ্ট ছাগলীৰ বাছনি :

ক) মাইকী ছাগলীৰ বাছনি :

যি জাতৰ নহওঁক লাগে ছাগলীজনীৰ দৈহিক গঠন আকৰ্ষণীয়, সু-স্বাস্থ্যৰ আৰু থিয় হৈ থাকোতে চাৰিওখন ঠেঙত সমানে থিয় দিব পৰা হ’ব লাগে ৷ গাখীৰ উৎপাদনৰ বাবে পোহা ছাগলীৰ ক্ষেত্ৰত সন্মুখফালতকৈ পিছফালটো বেছি বহল আৰু ছাল কোমল হ’ব লাগে ৷ ওহাঁৰ আৰু বাটবোৰ যথাস্থানত থকা আৰু কোমল হ’ব লাগে ৷

কম বয়সত প্ৰজণন ক্ষমতা পোৱা, প্ৰথম পোৱালি জন্ম দিয়া, এবাৰ পোৱালি দিয়াৰ পৰা আনটো পোৱালি হোৱালৈকে কম সময় লগা, এবাৰত কেইবাটাও পোৱালি দিয়া, বেছি গাখীৰ দিয়া, কম সময়ত ওজন বৃদ্ধি হোৱা আদি লক্ষণবোৰ ছাগলীজনীৰ নিজৰেই বা তাইৰ মাকৰ থকাটো অতি প্ৰয়োজনীয় ৷

খ) মতা ছাগলীৰ বাছনি :

প্ৰজণনৰ বাবে ব্যৱহাৰ কৰামতা ছাগলীটো ভাল জাতৰ হোৱা উচিত ৷ ওপৰত বৰ্ণনা কৰা মাইকী ছাগলীৰ গুণবোৰ মতা ছাগলীটোৰ মাকৰো থকা দৰকাৰ ৷ মতা ছাগলীটো বয়স অনুপাতে ওখ, ওজন থকা, বলী, আটিল স্বাস্থ্যৰ, ঠেং কেইটা মাটিত সমানে পাৰিব পৰা, কোমল ছালৰ, মিহি নোমৰ আৰু দুয়োটা অণ্ডকোষ (Testes) স্পষ্ট আৰু ডাঙৰ হ’ব লাগে ৷

ছাগলীৰ প্ৰজনন সমন্ধীয় কিছু জানিব লগা কথা:

পুষ্টি বা খাদ্য যোগান আৰু পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ কৰি চেউৰী ছাগলীয়ে ৮-১৪& মাহ বয়সত আৰু মতা ছাগলীয়ে ১০-১৬ মাহ বয়সত প্ৰজনন ক্ষমতা লাভ কৰে৷ ছাগলীৰ প্ৰজনন চক্ৰ ১৮-২৪ দিনীয়া (গড়ে ২১ দিন) হয় আৰু ২৪-৪৮ ঘন্টা পৰ্যন্ত গৰম হৈ থাকে৷ গৰমৰ লক্ষণ দেখা দিয়াৰ পৰা ১২-২০ ঘন্টাৰ ভিতৰত প্ৰজনন কৰাব লাগে (মতা ছাগলীৰ সহায়ত বা কৃত্ৰিম পদ্ধতিৰে)

ছেউৰী ছাগলী প্ৰথমবাৰ গৰম হওতে প্ৰজনন কৰাব নালাগে বা প্ৰথম দুটা গৰম বাদ দি তৃতীয়টো গৰমত কৰাব লাগে৷ সেইদৰে পোৱালি দিয়া ছাগলীক পোৱালিক পোৱালি দিয়াৰ ৪৫ দিন পাছত প্ৰজনন কৰাব লাগে৷ পালখোৱাৰ বা প্ৰজনন কৰাৰ পৰা ১৪৭-১৫৩ (গড় ১৫০) দিনৰ ভিতৰত পোৱালি দিয়ে আৰু ইহঁতে দুবছৰত তিনিবাৰ পোৱালি জন্ম দিব পাৰে৷

গাভিনী ছাগলীক পৰ্যাপ্ত পৰিমাণৰ পুষ্টি যোগান ধৰিব লাগে ৷ ইহঁতৰ যুদ্ধ কৰা, ঠেলা-হেচাঁ কৰা, বহুদুৰ খোজ কঢ়া, জাপ মৰা, সৰু ফুটাৰে সৰকি যোৱা আদি কাৰ্য্যত বাধা দিব লাগে৷ ইহঁতক একোটা পৰিষ্কাৰ কোঠাত অকলসৰে ৰাখিব লাগে৷ গৰ্ভাৱস্থাৰ শেষৰ ফালে খাদ্যৰ পৰিমাণ অলপ বঢ়াই দিব লাগে৷

পোৱালি জন্মৰ ৩-৪ দিন আগৰ পৰা কোঠাটোত বীজানুনাশক দ্ৰব্য ছটিয়া মজিয়াত বস্তা বা খেৰৰ কোমল গাদীৰ ব্যৱস্থা কৰিব লাগে,যাতে পোৱালীয়ে কষ্ট নাপায়৷ পোৱালি জন্মৰ আগৰ কেইদিনত সহজে হজম হোৱা আৰু পাকস্থলী পৰিষ্কাৰ কৰিব পৰা চাপৰ জাতীয় খাদ্য দিব লাগে৷ মাকজনীক মাজে মাজে নিৰিক্ষণ কৰি থাকিব লাগে৷

পোৱালি জন্ম হোৱাৰ ৩০ মিনিটৰ পৰা ৪ ঘণ্টাৰ ভিতৰত জল বা ফুল ওলাই আহিব আৰু তেনে নহ’লে পশু চিকিৎসকৰ সহায় লব লাগে ৷ পোৱালি জন্ম দিয়াৰ পিছত মাকক অলপ কুহুমীয়া পানী বা ভাতৰ মাৰ আদি খাবলৈ দিলে ভাল ৷

পোৱালিৰ যতন :

জন্মৰ লগে লগে ছাগলী পোৱালিৰ গাত লাগি থকা বিজলুৱা পদাৰ্থবোৰ পৰিষ্কাৰ কোমল শুকান কাপোৰেৰে মচি চাফা কৰি দিব লাগে ৷ নাভিৰ নাড়ীডাল ২ ইঞ্চিমান দূৰত্বত বীজাণুমুক্ত ছুৰী, ব্লেড বা কেঁচিৰে কাটি দি তাত আয়ডিন বা ডেট’ল লগাই দিব লাগে ৷

উশাহ লোৱাত কষ্ট পালে পোৱালিটোৰ বুকুৰ ওপৰত মালিচ কৰি জোকাৰি দিব লাগে আৰু কৃত্ৰিমভাৱে উশাহ দিয়াৰ ব্যৱস্থা কৰিব লাগে ৷ জন্মৰ ৩০ মিনিটৰ ভিতৰত মাকৰ প্ৰথম গাখীৰ বা ফেঁহু দিয়াটো দৰকাৰী ৷ পোৱালিবোৰক ৩-৪ মাহ বয়সত মাকৰ গাখীৰ এৰুৱাব লাগে আৰু প্ৰজণনৰ বাবে উপযুক্ত বুলি গণ্য কৰা মতা পোৱালিক ৩ মাহ বয়সত খাহী কৰিব লাগে ৷ চাৰি সপ্তাহ বয়সত এপালি পেলুৰ ঔষধ খুৱাব লাগে ৷ পোৱালিবোৰক খেলিবলৈ বা জপিয়াবলৈ যথেষ্ট ঠাই দিব লাগে ৷

ছাগলীৰ খাদ্য :

ছাগলীয়ে প্ৰায় সকলো প্ৰজাতিৰ গছৰ পাত, ফল-মূল, ফুলৰ কলি, জোপোহা গছৰ ডাল-পাত আদি খায় ৷ সেয়েহে ইয়াক পোহোতে হোৱা খৰচ অন্য ঘৰচীয়া জন্তুতকৈ কম ৷ উচ্চ প্ৰজাতিৰ ঘাঁহ যেনে- মাকৈ, যৱ (Oat), পাৰা, গীনি আদিৰ লগতে ঘাঁহ-বন, মহানিম, ঘোঁৰানিম, বগৰী, আহঁত আদিৰ পাত, বাৰীৰ শাক-পাচলি, ইয়াৰ পেলনীয়া অংশ আদি ইহঁতৰ প্ৰিয় খাদ্য ৷

এই কেঁচা ঘাঁহৰ লগত যদি সামান্য সুষম দানা দিব পৰি যায় তেনেহ’লে ওজন বঢ়াৰ লগতে বহু বেমাৰৰ পৰা মুক্ত হ’ব পাৰি ৷ পোৱালি, বাঢ়নীয়া অথবা গাখীৰ দিয়া ছাগলীৰ বাবে আৱশ্যকীয় দানাৰ একোটাকৈ নমুনা তলত উল্লেখ কৰা হ’ল –

ক) পোৱালিৰ দানা –

ভঙা বুট ——————————২০%

ভঙা মাকৈ ————————— ২২%

বাদামৰ খলিহৈ ———————–৩৫%

চাপৰ ———————————-২০%

খনিজ লৱণৰ মিশ্ৰণ —————— ২৫%

সাধাৰণ লৱণ ————————–0.৫%

খ) বাঢ়নীয়া ছাগলীৰ দানা –

ভঙা মাকৈ ————————৪০%

বাদামৰ খলিহৈ ————————- ২২%

চাপৰ ————————–৩৫%

খনিজ লৱণ —————————২%

সাধাৰণ লৱণ —————————১%

গ) খীৰতী ছাগলীৰ দানা –

ভঙা বুট ————————-১৫%

ভঙা মাকৈ ————————– ৩৭%

বাদামৰ খলিহৈ ————————– ২৫%

চাপৰ ————————– ২০%

খনিজ লৱণৰ ————————–২.৫%

সাধাৰণ লৱণ ————————–০.৫%

ইয়াৰ উপৰি, প্ৰতি ১০০ কেজি দানাত ২০ গ্ৰাম ভিটামিন বা খাদ্যপ্ৰাণ মিহলোৱা উচিত ৷

ছাগলীৰ স্বাস্থ্যৰ যতন :

পৰিষ্কাৰ পৰিবেশত ৰাখি ভালদৰে খাদ্য যোগান ধৰিলে ছাগলীৰ বিশেষ কোনো বেমাৰ নহয় ৷ তদুপৰি সকলো ছাগলীকে সময়মতে পেলুৰ ঔষধ খুৱাব লাগে আৰু দুটামান বেমাৰৰ প্ৰতিষেধক ছিটা দিব লাগে ৷

ডাঙৰ ছাগলীকো বছৰত ২-৩ বাৰ পেলুৰ দৰৱ খুৱাই লগতে অলপ লিভাৰ টনিক (Liver tonic) ৩-৪ দিনৰ বাবে খুৱাব লাগে ৷ তিনিমাহৰ ওপৰৰ সকলো ছাগলীকে প্ৰতিষেধক ছিটা দিব লাগে ৷ কোনো ছাগলীৰ বেমাৰ হ’লে, তাক অকলশৰীয়াকৈ ৰাখি চিকিৎসা কৰিব লাগে ৷

কম ঠাইতে বেছিকৈ ছাগলী ৰাখিব নালাগে ৷ যিকোনো মানুহক ছাগলীৰ গড়াললৈ যাবলৈ দিব নালাগে ৷