APSC Success Story : Bhanita Nath APS (লক্ষ্য নথকা মানুহ বঠা নোহোৱা নাওঁৰ নিছিনা)

Success Story

লক্ষ্য নথকা মানুহ বঠা নােহােৱা নাওঁৰ নিছিনাই মােৰাে অৱহা ..PhD ত চিট পাই পঢ়ি থাকোতেই Assam Administrative Staff College ত সেই সময়ত বিনামুলীয়া UPSC ৰ কাৰণে Coaching ৰ এড ওলাইছিল..খুৰাই ক'লে দি চা ..মনত সাহস কম..মই আৰু UPSC? তাতে অসমীয়া মাধ্যমৰ পৰা কিবাকে কলেজৰ দেওঁনা পাৰ হােৱা ট্যুৰিজিম কৰি থাকোতেই কম খন লটি ঘটি হােৱানাই ..হলেওঁ দি থওঁ .."জীৱনত আমি এটা বা দুটা বছৰ কষ্ট কৰি যদি গােটেই জীৱনটো নিচিন্ত মনে কটাব পাৰাে সেয়া নৰকো কিয় "-ফর্মখন ফিলআপ কৰি থাকোতেই লগৰজনীয়ে ক'লে ..নাজানাে কিয় এই কথাৰে মােক নতুনকে ভবাই তুলিলে ..স্টাফ কলেজৰ ক্লাছবােৰ মােৰ কাৰণে এটা বাট মুকলি কৰিদিছিল ..মােৰ পঢ়াত অসুবিধা নহ'বলৈ খুৰাই হােষ্টলতনাৰখি এটা ধুনীয়া ৰুমৰ ব্যৱস্হা কৰিছিল ,সেই ঘৰটো মােৰ কাৰণে মােৰ নিজা পৃথিৱী এখন হৈছিল ..খুৰাই মােৰ পঢ়া তদাৰক কৰিছিল আৰু মামাই মােৰ সুবিধা হােৱাকৈ নােট বনাই দিছিল..মােৰ ধুনীয়া পঢ়া টেবুলখনত লিখি থােৱা আছিল 'Suffer now and live rest of your life as a champion"..খুৰাই মােৰ পঢ়া ৰুটিন বনাই দিছিল ..।
Bhanita Nath APS
UPSC ৰ ক্লাছ কৰি থাকোতেওঁ মােৰ বাৰে বাৰে লাগিছিল মই UPSC নহয় APSC ৰ কাৰণেহে ভবা উচিত.. তেতিয়া Staff College ৰ ক্লাচ এৰি APSC ৰ কাৰণেই জোৰ দিছিলাে ..

খুৰাই তেতিয়া মােক কিছুমান কামত বাধা দিছিল --ক্লাচৰ পৰা ওলাই অত তত ঘুৰা ফুৰা কৰা বা আদ্দা মাৰিব নিদিছিল, ক্লাছ শেষ হােৱাৰ অলপ আগতেই গৈ খুৰাই ৰৈ আছিল ..
-ফুৰিব মন গ'লে দিনটোৰ কাৰণে নিজেই লৈ গৈছিল ।
-ৰাতি 9টাৰ পিছত মবাইল অফ কৰিব লাগিছিল..কিবা নেটত চাব থাকিলে ব্যবহাৰ কৰিবলৈ টেব লৈ দিছিল ।
-ফেচবুক ডি একটিভেট কৰি দিছিল ।
-নিগেটিভ কথা ভবা বা কোৱা মানুহৰ (লাগিলে সেয়া মােৰ ঘৰৰে হওঁক বা বন্ধুৱে হওঁক)পৰা আতৰত থাকিব কৈছিল ।

প্ৰথমবাৰ Viva পাছ কৰিব পৰা নাছিলাে ..বিভিন্ন কথাইথকা সৰকা কৰিছিল ..মায়ে কৈছিল মানুহৰ কথাত মুৰ ঘমাব নালাগে ..আমি দেখিছাে তােৰ কষ্ট..খুৰাই কৈছিল সময়বােৰ মানুহৰ কথাত নষ্ট নকৰিবি ,তই নােশােৱালে আমিওঁ সাৰে থাকো..কোৱা মানুহবােৰেতাে নাজানে ..কথাবােৰে সাহস দিয়ে..যােৱাবাৰ কত কি ভুল হ’ল তাক অলপ পর্যালােচনা কৰাে..আকৌ আগবাঢ়ো । 

APSC ত মােৰ Optional আছিল শিক্ষা আৰু অসমীয়া ..দুয়ােটাই মােৰ প্রিয় বিষয় .. ক্লাচৰ কিতাপৰ তলত লৈ পঢ়াগল্প উপন্যাসবােৰে মােৰ বহুত কামত দিছিল..।

মােৰ এই দীঘলীয়া সময়খিনিত মই হয়তাে বহু মনে বিছৰাকাম কৰিব পৰা নাছিলাে নিজকে এটা ৰুমত আবদ্ধ কৰিৰাখিছিলাে ..কিন্তু জীবনটো গঢ়িবলৈ আবেগিক নহৈ কেতিয়াবা প্রেকটিকেল হােৱাটো দৰকাৰী ।          
                                  -------  Bhanita Nath APS