মুখৰ ভিতৰত আলচাৰ হৈছে নেকি? এই ৫টা ঘৰুৱা উপায়েৰে পাওক সহজেই মুক্তি

Mouth Ulcers :

মুখৰ ভিতৰত আলচাৰ বহুতৰে হয়। কেতিয়াবা দাঁত কামূৰ খালে, কেতিয়াবা দুৰ্ঘটনা বা অন্য কাৰণত মুখত আলচাৰ হোৱা দেখা যায়। আলচাৰ হ'লে খোৱাত সমস্যা হয়। কথা কোৱাতো সমস্যাৰ সৃষ্টি হয়। কিন্তু ইয়াৰ পৰা সহজে মুক্তি পোৱাৰ সম্ভৱনা নাই বুলিয়েই বহুতে ভাবে। কিন্তু ইয়াৰ পৰা উপশম লাভ কৰিবলৈ আছে ঘৰুৱা উপায়।

Mouth Ulcers

Mouth Ulcers কিয় হয়?

এনে সমস্যা হয় আমাৰ শৰীৰত উষ্ণতা বা তাপমাত্ৰা বাঢ়ি আহিলে। শৰীৰৰ তাপমাত্ৰা প্ৰধানকৈ আমি খোৱা খাদ্যত থকা প্ৰচুৰ পৰিমানৰ মচলাজাতীয় দব্য, পান-মচলা, জ্বলা আদি উপাদানৰ বাবে হয়।

আমাৰ যদি একেলেথাৰিয়ে হজম প্ৰক্ৰিয়াত অসুবিধা হয় তেতিয়াও মুখৰ ভিতৰত mouth Ulcers সৃষ্টি হ’ব পাৰে। ইয়াৰ উপৰি ভিটামিন বি ১২ আৰু ভিটামিন চি ৰ অভাৱ হ’লে এনে ধৰণৰ সমস্যাই দেখা দিয়ে।

Mouth Ulcers উপশমৰ ঘৰুৱা উপায়:

১. বেকিং চোডাঃ বেকিং চোডাই pH বেলেন্স ঠিক ৰখাত সহায় কৰে। যিকোনো জ্বলাভব কমায়। আলচাৰ হ'লে যিহেতু জ্বলাভাব থাকে, গতিকে বেকিং চোডা ব্যৱহাৰ কৰি ইয়াৰ পৰা মুক্তি লাভ কৰিব পাৰি। এক চামুচ বেকিং পাইদাৰ আধা গ্লাচ পানীত মিহলাই গাৰ্গল কৰিলে আলচাৰৰ পৰা মুক্ত হ'ব পাৰি।

২.নাৰিকল তেল : নাৰিকল তেলেও আলচাৰ ভাল কৰাত সহায় কৰে। নৰিকল তেলত এণ্টি মাইক্ৰোবায়েল গুণ আছে। ই বিষ হ্ৰাস কৰায়। নাৰিকল তেল আলচাৰ হোৱা ঠাইত লগালে উপশম লাভ কৰে।

৩. আল্যুম পাউদাৰ : 
আল্যুম পাউদাৰত এচট্ৰিনজিণ্ট উপাদান থাকে। ই আলচাৰ শুকুৱাত সহায় কৰে। সামান্য পানীৰ সৈতে আল্যুম পাউদাৰ মিশ্ৰিত কৰি লগালে উপশম লাভ কৰিব পাৰি।

৪. মৌ-জুলঃ 
মৌজুলত এণ্টি মাইক্ৰোবিয়েল উপাদান থাকে। যি নাৰিকল তেলৰ দৰেই জ্বালাভাব, বিষ কমায়।
আলচাৰ হ'লে কুহুমীয়া গৰম পানীত সামান্য পৰিমাণে নিমখ মিশ্ৰিত কৰি গাৰ্গল কৰিলে উপশম লাভ কৰিব পাৰি।

৫ . 
- এচামুচ হালধি

- নহৰুৰ এটা ফুট

- নিমখ

- গৰম পানী

- ফিটকাৰি

প্ৰথমে আপুনি নহৰু (ৰচুন)ৰ ফুটটো গুচাই হালধিচামুচৰ লগত ভালদৰে পিচি অলপমান পানীৰ সৈতে এটা বড়ি বনাই ল’ব। হালধি আৰু নহৰুৰ মিশ্ৰনৰ দ্বাৰা তৈয়াৰ কৰা বড়িটো সেই ঠাইত অতিকমেও পাঁচমিনিট সময় লগাই থ’ব যি ঠাইত ডাগ হৈছে। লগাই থোৱাৰ সময়ত মুখ বন্ধ কৰি থ’ব আৰু চাব যাতে লালতি পেটৰ ভিতৰলৈও নাযায়, বাহিৰলৈও ওলায় নাহে।

পাঁচমিনিট সময় লগাই থোৱাৰ পাছত আপুনি এগিলাচ কুহুমিয়া গৰম পানীত এখুটমান ফিটকাৰি আৰু এচামুচ নিমখ মিহলাই কুলকুল কৰি ভালদৰে চাফা কৰি ল’ব। এই প্ৰক্ৰিয়াটো কৰাৰ চাৰি-পাঁচমিনিট মানৰ পাছতে আপোনাৰ মুখত বিষ একেবাৰে নাইকীয়া হৈ পৰিব। দিনটোত দুবাৰকৈ কৰিলে দুই তিনিদিনৰ ভিতৰত এই সমস্যা একেবাৰে দূৰ হৈ পৰিব। মনত ৰাখিব মুখত এনে ডাগ লাগি থকাৰ সময়ত ঠাণ্ডা পানী আৰু টেঙা নাখাব। 

নাইবা আপুনি দুকাপ পানীত তিনিচামুচ হালধি আৰু দুটা লং মিহলাই পানীখিনি উতলাই ল’ব আৰু অলপ মান ঠাণ্ডা হ’বলৈ দি সেই পানীৰে মুখত লৈ কুলা কৰিব৷ এনেদৰে দিনটোত দুবাৰকৈ কৰিলে আপুনি মুখৰ ডাগ আৰু বিষ দুয়োটাৰ পৰা পৰিত্ৰাণ পাব৷

Mouth Ulcers হলে কেনেধৰণৰ খাদ্য সেৱন কৰিব?

✓ এই সমস্যাই দেখা দিলে নিমখ আৰু চেনীৰ সৈতে ফলমূলৰ ৰস খাব পাৰে।
ভিটামিন বি ১২ যুক্ত খাদ্য যেনে দৈ খাব লাগে। কাৰণ ভিটামিন বি ১২ ৰ অভাৱত এই সমস্যা হয় আৰু দৈত ভিটামিন বি ১২ প্ৰচুৰ পৰিমাণে পোৱা যায়।
✓ এনে সমস্যা হৈ থাকিলে ঠাণ্ডা পানী আৰু টেঙা একেবাৰে নাখাব।