Golaghat Recruitment 2021 : Apply for Gaonburah Vacancy

Golaghat District Gaonburah Recruitment

গােলাঘাট জিলাৰ তলত উল্লেখিত ৰাজহ চক্ৰসমূহৰ অন্তৰ্গত গাঁও/গাঁওসমূহত খালী হৈ থকা চৰকাৰী গাঁওবুঢ়া পদসমূহ পূৰণ কৰিবৰ বাবে স্থানীয় উপযুক্ত প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে।

পদৰ বিৱৰণ : 

পদৰ নাম : গাওঁবুঢ়া

অৰ্হতা : দশম শ্ৰেণী উত্তীর্ণ

অন্তিম তাৰিখ : 13/09/2021

Golaghat Recruitment 2021

Eligibility Criteria of Golaghat Recruitment 2021

আবেদনকাৰীৰ তলত উল্লেখ কৰা অৰ্হতা সমূহ থাকিব লাগিব -

১) আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু নিযুক্তি পাবৰ বাবে আবেদন কৰা গাঁৱৰ অথবা গাঁওসমূহৰ ভিতৰত এখনৰ স্থায়ী বাসিন্দা হ'ব লাগিব।
২) আবেদনকাৰীৰ বয়স ন্যূনতম ২৫ (পঁচিছ) বছৰ হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা ন্যূনতম দশম শ্রেণী উত্তীর্ণ হ'ব লাগিব।
৩) আবেদনকাৰী আর্থিকভাৱে দেউলীয়া বা কোনাে চৰকাৰী ধনৰ দেনাদাৰ হ’ব নালাগিব।
৪) আবেদনকাৰী শাৰীৰিক আৰু মানসিকভাৱে সবল হ’ব লাগিব।
৫) আবেদনকাৰী কোনাে চৰকাৰী চাকৰিয়াল হ’ব নালাগিব।
৬) আবেদনকাৰীৰ নিজৰ নামত সংশ্লিষ্ট গাঁৱত স্থাৱৰ সম্পত্তি থাকিব লাগিব।
৭) আবেদনকাৰী কোনাে ৰাজনৈতিক দলৰ সদস্য হ'ব নালাগিব।
৮) আবেদনকাৰী সমাজৰ এজন উচ্চ মর্যাদাসম্পন্ন তথা সন্মানীয় আসন থকা ব্যক্তি হােৱাটো বাঞ্চনীয়।
৯) আবেদনকাৰী প্রাকৃতিক দুর্যোগ বা অন্যান্য চৰকাৰী কাৰ্যসূচীত অংশগ্রহণকাৰী তথা চৰকাৰক সহযােগ কৰা ব্যক্তি হােৱাটো বাঞ্ছনীয়।
১০) আবেদনকাৰীৰ দুটাতকৈ অধিক সন্তান থাকিব নালাগিব।

How to Apply For Golaghat Gaonburah Recruitment 2021

কেনেকৈ আবেদন কৰিব :

আবেদনপত্র গােলাঘাট জিলাৰ উপায়ুক্ত কার্যালয়ত (DC Office)  ইংৰাজী ১৩/০৯/২০২১ তাৰিখৰ ভিতৰত দাখিল কৰিব লাগিব।

আবেদনকাৰীয়ে অসম গেজেটৰ খণ্ড IX ত প্রকাশিত প্ৰ-পত্ৰত (Standard form of application) আবেদন কৰিব লাগিব। আবেদনকাৰীয়ে কোনখন গাঁৱৰ গাঁওবুঢ়া পদৰ বাবে আবেদন কৰিছে সেই গাঁও/গাঁওসমূহৰ নাম উল্লেখ কৰাৰ লগতে আবেদনকাৰীৰ ভ্ৰাম্যভাষ নম্বৰ (মবাইল নম্বৰ) স্পষ্টকৈ আবেদনত সন্নিবিষ্ট কৰাটো বাধ্যতামূলক।

আবেদনৰ লগত তলত উল্লেখ কৰা প্রমাণ-পত্ৰসমূহ দাখিল কৰাটো বাধ্যতামূলক :

১) স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্র।
২) বয়স আৰু শিক্ষাগত অৰ্হতাৰ প্রমাণ-পত্র (অসম চৰকাৰৰ স্বীকৃতিপ্রাপ্ত বর্ড/অনুষ্ঠানৰ প্রমাণ-পত্র সংলগ্ন কৰিব।
৩) বাকীজাই দেনামুক্ত প্রমাণপত্র।
৪) স্থাৱৰ সম্পত্তিৰ প্রমাণপত্র। (কম্পিউটাৰাইজড শেহতীয়া জমাবন্দী, মাটি থকাৰ প্ৰমাণ-পত্র, শেহতীয়া খাজনা ৰচিদ ইত্যাদি।)
৫) আবেদনকাৰীৰ ক্ষেত্ৰত মৌজাদাৰৰ মতামত সম্বন্ধীয় প্রমাণ-পত্র।
৬) আবেদনকাৰীৰ দুটাতকৈ অধিক সন্তান নাই বুলি স্পষ্টকৈ উল্লেখ কৰি এখন শপতনামা দাখিল কৰিব লাগিব। (Declaration form A)
৭) আবেদনকাৰীয়ে পাছপ'ৰ্ট আকাৰৰ ২(দুই) কপি ফটো সংলগ্ন কৰি দিব লাগিব।

আবেদনকাৰীয়ে দাখিল কৰা প্রমাণ-পত্ৰসমূহ ভুৱা বুলি প্রমাণিত হলে তাৎক্ষণিকভাৱে প্রার্থিত্ব নাকচ কৰাৰ লগতে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

আবেদন পত্ৰ : Standard Application Form

বিজ্ঞাপন : ইয়াত ক্লিক কৰক .