কিয় বিশ্বৰ আটাইতকৈ ধনী লোকৰ তালিকাত নাই ৰতন টাটাৰ নাম? ৰতন টাটাৰ এনে কৰ্মৰাজীৰ বিষয়ে জানেনে?

টাটা গ্ৰুপ কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰে অন্যতম প্ৰধান ব্যৱসায়িক প্ৰতিষ্ঠান। অথচ টাটাৰ নাম ফোৰ্বছৰ তালিকাত নাই।

পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি কোন সকল আমি কিদৰে জানিব পাৰো? ধন সম্পদৰ সিংহভাগ আছে মুষ্টিমেয় কেইজনমানৰ হাতত। তেওঁলোকৰ মাজত অহৰহ চলে প্ৰতিযোগিতা। কেতিয়াবা এজন তালিকাৰ শীৰ্ষলৈ যায়, কেতিয়াবা আন এজন। ফোৰ্বছৰ তালিকাত এতিয়া ধনী ব্যক্তিৰ শীৰ্ষত আছে এলন মাস্ক। ইটোৰ পিছত সিটো কোম্পানী ক্ৰয় কৰিছে তেওঁ। এই সময়ত ভাৰতৰে নহয় এছিয়াৰ ভিতৰতে ধনীলোকজন গৌতম আদানি। আদানিৱ সম্পদৰ পৰিমানৰমূল্য ১১২ বিলিয়ন ডলাৰ। মুকেশ আম্বানিৰ সম্পদৰ পৰিমান ১০১ বিলিয়ন ডলাৰ। আকৌ টাটা গোষ্ঠীৰ সম্পদৰ পৰিমান ১০৩ বিলিয়ন ডলাৰা আম্বানিতকৈ অলপ বেছিহে৷ তথাপি সকলোতে কেৱল আম্বানি-আদানিৰহে নাম! টাটাৰ নাম ক'তো নাই! প্ৰকৃততে টাটাগোষ্ঠীৰ মুঠ সম্পদৰ ৬৬ শতাংশৰে নিয়ন্ত্ৰণ থাকেে তেওঁলোকে নিজে গঠন কৰি দিয়া এলানি Philanthropic Trust ৰ হাতত। কিন্তু কেৱলমাত্ৰ টকাৰ ভিত্তিত ব্যৱসায়ী চিনাৰ পন্থা কিমান সঠিক? ৰতন টাটাৰ নাম সমগ্ৰ বিশ্বই জানে। কিন্তু তেওঁৰ নাম আটাইতকৈ ধনী লোকৰ তালিকাত উঠা নাই কিয়?
Ratan Tata
টাটা গ্ৰুপ কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰে অন্যতম প্ৰধান ব্যৱসায়িক প্ৰতিষ্ঠান। অথচ টাটাৰ নাম ফোৰ্বছৰ তালিকাত নাই। ফলত ইয়াকে লৈ কৌতুহল থকাটো স্বাভাৱিক।

ভাৰতীয় আগশাৰীৰ ব্যৱসায়ীসকলৰ ভিতৰত ৰতন টাটা অন্যতম। ৰতন টাটাক বেয়া পোৱা মানুহৰ সংখ্যাও নগণ্য। ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁৰ অসামান্য দূৰদৃষ্টিৰ কথা কোনেও নজনা নহয়। কিন্তু ৰতন টাটা জনপ্ৰিয় নিজৰ সমাজসেৱাৰ লগত জড়িত কৰ্মৰাজীৰ বাব। মানুহৰ কল্যাণৰ বাবে বহু কামেই কৰি থাকে তেওঁ। আৰু সেইকাৰণেই পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি হ'ব পৰা নাই ৰতন টাটা। ইটোৰ পিছত সিটো দেশ আৰু জাতিৰ বাবে কৰা কল্যাণমূলক কামৰ বাবে সমগ্ৰ বিশ্বই জানে ৰতন টাটাক। একেবাৰে কম ব্যৱসায়ীৰ ক্ষেত্ৰতহে এই কথা প্ৰযোজ্য হয়।

ৰতন টাটাৰ বৰ্তমান বয়স ৮২ বছৰ। প্ৰতিগৰাকী ভাৰতীয়ই অন্য ধৰণে চাই টাটাক। দীৰ্ঘ প্ৰায় ৬০ বছৰধৰি পৃথিৱীৰ অন্যতম বৃহত্‍ ব্যৱসায়-বাণিজ্য পৰিচালনা কৰিছে তেওঁ। আশা কৰা যায় যে, ভাৰতবৰ্ষৰ সকলোফালৰ ধনীৰ তালিকাত নিশ্চয় প্ৰথমতেই থাকিব ৰতন টাটাৰ নাম। একেবাৰে প্ৰথমতে নাথাকলেও অন্তত ১০ৰ পৰা ২০ৰ ভিতৰত থাকিব। কিন্তু জানিলে আচৰিত হ'ব যে, আইআইএফএল, ৱেল্থৰ ২০২১ৰ প্ৰতিবেদন অনুসৰি ৰতন টাটাতকৈও ধনী ভাৰতীয়ৰ সংখ্যা ৪৩২। ইয়াৰ প্ৰধান কাৰণ, টাটা ট্ৰাষ্টৰ জৰিয়তে মানৱ কল্যাণৰ বাবে ব্যয় কৰে বিশাল অংকৰ ধন।

যোৱা বছৰৰ হিচাপ অনুসৰি, টাটা গ্ৰুপৰ মুঠ সম্পত্তি ১০৩ বিলিয়ন আমেৰিকান ডলাৰ। ভাৰত তথা বিশ্বৰ বৃহত্তম প্ৰতিষ্ঠান টাটা গ্ৰুপ। কিন্তু টাটা গ্ৰুপৰ আয়ৰ ৬৬ শতাংশ জনকল্যাণমূলক কামৰ বাবে খৰচ কৰা হয়।

উল্লেখ্য, অসমৰ বাবেও বিশেষ পৰিকল্পনা ৰতন টাটাৰ। টাটা ট্ৰাষ্টৰ সহযোগত ৰাজ্যত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে কেইবাখনো হাস্পতালত নিৰ্মাণ কৰি আছে। ২০১৮ চনৰ জুন মাহত টাটা ট্ৰাষ্টৰ ৰতন টাটা (Ratan Tata)ৰ উপস্থিতিত অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ মাজত চুক্তি স্বাক্ষৰ কৰা হৈছিল। অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ নেতৃত্বত অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ মাজত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল।

ইয়াৰ ফলতে ৰাজ্যত ১৭খন কেন্সাৰ কেয়াৰ হাস্পতালৰ সৈতে দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ সুলভ কেন্সাৰ কেয়াৰ নেটৱৰ্ক স্থাপনৰ এটা প্ৰকল্প কাৰ্যকৰী কৰি থকা হৈছে। এই প্ৰকল্পৰে বৃহস্পতিবাৰে ৬খন কৰ্কট চিকিৎসালয় মুকলি কৰাৰ লগতে আন ৭খন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰা হয়।