Nagaon Gaonburah Recruitment 2021 : Apply for 82 Gaon Pradhan Vacancy

Nagaon Gaonburah Recruitment

নগাঁও জিলাৰ নগাঁও সদৰ, ৰহা, ধিং, কামপুৰ, চামগুৰি, ৰূপহী, কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁওসমূহত খালী হৈ থকা চৰকাৰী গাওঁ প্ৰধান/গাঁওবুঢ়া পদসমূহ পূৰণ কৰিবৰ বাবে স্থানীয় উপযুক্ত প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে।

পদৰ বিৱৰণ : 

পদৰ নাম : গাওঁবুঢ়া

পদৰ সংখ্যা : ৮২

অৰ্হতা : দশম শ্ৰেণী উত্তীর্ণ (H.S.L.C)

অন্তিম তাৰিখ : ০৫/১০/২০২১
Nagaon Gaonburah, Gaon Pradhan

Eligibility Criteria of Nagaon Recruitment 2021

আবেদনকাৰীৰ তলত উল্লেখ কৰা অৰ্হতা সমূহ থাকিব লাগিব -

১) আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু নিযুক্তি পাবৰ বাবে আবেদন কৰা গাঁৱৰ অথবা গাঁওসমূহৰ ভিতৰত এখনৰ স্থায়ী বাসিন্দা হ'ব লাগিব।
২) আবেদনকাৰীৰ বয়স ২৬/০৮/২০২১ তাৰিখে ন্যূনতম ৩০ বছৰ হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা ন্যূনতম দশম শ্রেণী (H.S.L.C) উত্তীর্ণ হ'ব লাগিব।
৩) আবেদনকাৰী আর্থিকভাৱে দেউলীয়া বা কোনাে চৰকাৰী ধনৰ দেনাদাৰ হ’ব নালাগিব।
৪) আবেদনকাৰী শাৰীৰিক আৰু মানসিকভাৱে সবল হ’ব লাগিব।
৫) আবেদনকাৰী কোনাে চৰকাৰী চাকৰিয়াল হ’ব নালাগিব।
৬) আবেদনকাৰীৰ নিজৰ নামত সংশ্লিষ্ট গাঁৱত স্থাৱৰ সম্পত্তি থাকিব লাগিব।
৭) আবেদনকাৰী কোনাে ৰাজনৈতিক দলৰ সদস্য হ'ব নালাগিব।
৮) আবেদনকাৰী সমাজৰ এজন উচ্চ মর্যাদাসম্পন্ন তথা সন্মানীয় আসন থকা ব্যক্তি হােৱাটো বাঞ্চনীয়।
৯) আবেদনকাৰী প্রাকৃতিক দুর্যোগ বা অন্যান্য চৰকাৰী কাৰ্যসূচীত অংশগ্রহণকাৰী তথা চৰকাৰক সহযােগ কৰা ব্যক্তি হােৱাটো বাঞ্ছনীয়।
১০) আবেদনকাৰীৰ দুটাতকৈ অধিক সন্তান থাকিব নালাগিব।

You May Apply : Hailakandi Gaonburah .

How to Apply For Nagaon Gaonburah Recruitment 2021

কেনেকৈ আবেদন কৰিব :

আবেদনপত্র চক্ৰ বিষয়াৰ কার্যালয়ত (Circle Office)  ইংৰাজী ০৫/১০/২০২১ তাৰিখৰ ভিতৰত দাখিল কৰিব লাগিব।

আবেদনকাৰীয়ে অসম গেজেটৰ খণ্ড IX ত প্রকাশিত প্ৰ-পত্ৰত (Standard form of application) আবেদন কৰিব লাগিব। আবেদনকাৰীয়ে কোনখন গাঁৱৰ গাঁওবুঢ়া পদৰ বাবে আবেদন কৰিছে সেই গাঁও/গাঁওসমূহৰ নাম উল্লেখ কৰাৰ লগতে আবেদনকাৰীৰ ভ্ৰাম্যভাষ নম্বৰ (মবাইল নম্বৰ) স্পষ্টকৈ আবেদনত সন্নিবিষ্ট কৰিব।

আবেদনৰ লগত তলত উল্লেখ কৰা প্রমাণ-পত্ৰসমূহ দাখিল কৰাটো বাধ্যতামূলক :

১) শিক্ষাগত অৰ্হতাৰ প্ৰমাণ-পত্র দাখিল কৰিব লাগিব ।
২) বয়সৰ প্রমাণ-পত্র (Birth Certificate/H.SLC Admit Card or Pass Certificate) দাখিল কৰিব লাগিব ।
৩) আবেদনকাৰীয়ে আবেদন কৰা গাঁৱৰ নাম আৰু গাওঁ প্ৰধান লাট নং উল্লেখ কৰিব লাগিব ।
৪) নিজ নামত থকা মাটিৰ প্ৰমাণ-পত্র দাখিল কৰিব লাগিব।
৫) গাওঁ প্ৰধান পৰিয়ালৰ আবেদনকাৰীয়ে মৌজাদাৰৰ মতামতৰ প্রমাণ-পত্র দাখিল কৰিব লাগিব।
৬) সামাজিক কামৰ অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব ।
৭) বাকীজাই ঋনমুক্ত প্রমাণপত্র দাখিল কৰিব লাগিব।
৮) আবেদনকাৰীৰ দুটাতকৈ অধিক সন্তান নাই বুলি স্পষ্টকৈ উল্লেখ কৰি এখন শপতনামা দাখিল কৰিব লাগিব। (Declaration form A)
৯) আবেদনকাৰীয়ে পাছপ'ৰ্ট আকাৰৰ ২(দুই) কপি ফটো সংলগ্ন কৰি দিব লাগিব।

আবেদনকাৰীয়ে দাখিল কৰা প্রমাণ-পত্ৰসমূহ ভুৱা বুলি প্রমাণিত হলে তেখেতসকলৰ প্রার্থিত্ব নাকচ কৰা হ'ব।

(আবেদন কৰাৰ আগতে বিজ্ঞাপনটো ডাউনলোড কৰি সম্পূৰ্ণ তথ্য পঢ়িবলৈ অনুৰোধ জনোৱা হ'ল)

বিজ্ঞাপন : ইয়াত ক্লিক কৰক ।

আবেদন পত্ৰ : Standard Application Form.